সময়ৰ চিত্ৰ "


কত গল মোৰ সৰু শৈশৱ 
হেৰুৱা ৰঙীন সূতা, 
উঘাইছোঁ উচাই  ঘুৰিটো উৰাই 
বুকুখন ঠান্ডা কৰি লওঁ ।
শৈশৱৰ সোৱাদ
 সাধৰে কৰিলে,
জীবনৰ অনেক ভেটি।
বাঁহৰ  ধনু ,পাটৰ চোলা
পুতুল খেলৰ সঙ্গী
কত গলে  ! পোৱা যাব আকৌ ।
  চড়ুইভাতর  গোন্ধ ।
ক'ত গল আজি 
মোৰ সেই চৰনীয়া পথাৰ 
শৈশৱৰ কিৰিলী হাঁহি ।
ঠান্ডা দিনৰ 
পূৱাৰ বন্ধু খেৰৰ জুই  কত !
ক'ত মোৰ  সৰু মৌ 
মৰা চৰাইৰ ছাই
ফৰিং ধৰিবলৈ আহিবা নে এবাৰ!
বলা নদীত যাও ,
 কেকুৰা ঘাত খান্দি উলিয়াই 
জুতি লগাই খাম।
ক'ত গলা আজি!
আমাৰ অসমীয়া 
নবৌ ,
আইতা মোৰ আই
হেৰালো সেই কালৰ কুলাত
বহুত কষ্ট পাও,
জাকৈৰ মাছ ধৰা কালিন 
চপৰা  মাৰিছিলো বুকুত ।
অবুজ শৈশৱক কৰিবা ক্ষমা অনুতপ্ত আমি ,
 নাই  যে আজি বহাগাৰ বিহুক
সমাধৰে আদৰোৱাৰ । 
শৈশৱৰ সেই বাৰিষাৰ ধোন
 বৰষুণৰ নাম কি ?
যত তিতিছিলঁ 
মোৰ সোনালী শৈশৱ
 ৰেখা কৰি গল ।।
কত হেৰালো!
মোৰ সৰু শৈশৱক হৃদয়ক স্পৰ্শ কৰি ।
অহাচোন এবাৰ 
আকৌ গুৰি
কেনে আছো চাওকচোন আহি ।
পাৰ হব ধৰিলে 
জীবনৰ সুখ,
বহি গলো বুকুখন খালী কৰি ।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

শত অভিযোগ

ভালেই আছো

দেখতে আজ খোবে ইচ্ছে !